Etiquetas » Regional

Rodman Slough trail

In my brief visit to Rodman Slough County Park, I found only one fairly short trail, but it was a beautiful hike — and I had it all to myself. mais 56 palavras

Photography

Mild Seasons

There is not as much difference between the seasons here like there is in other climates. It might seem like we get only summer, with a briefly cooler and slightly rainy time of ‘not summer’. mais 290 palavras

Elaborations

গড়কাপ্তানী মন্ত্ৰী হিমন্তৰ সমষ্টিত পথ নিৰ্মানৰ নামত ব্যাপক অনিয়ম

পঙ্কজ নাথ, চাংসাৰি, ৭ মাৰ্চ :- কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত দলিবাৰী – কেতেকীঝাৰ সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷ সাধৰন এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত বোকা পানীৰে ভৰি পৰে উক্ত পথটি ৷ যাৰবাবে এই পথৰে অহা ছাত্ৰ – ছাত্ৰী, তথা ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে ৷ পথচোৱা সম্পূৰ্ন ৰূপে বিধ্বস্ত হোৱাৰ ফলত জৰুৰীকালীন সেৱা সমূহৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ । অন্য সমষ্টিতো বাদেই দিলো গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্বৰ গৃহ সমষ্টতে গড়কাপ্তানি পথৰ এই দুৰৱস্থাই উদঙায় দিছে গড়কাপ্তানি বিভাগৰ প্ৰকৃত ছবি। তাতোকৈও আচৰিত কথা এইয়ে যে এই পথছোৱা মেৰামতিৰ নামত সংঘটিত হৈছে এক বিহৎ পৰিমানৰ দূৰ্নীতি । উল্লেখযোগ্য যে পথছোৱা মেৰামতিৰ নামত যোৱা ২০১৬-১৭ বিত্তীয় বৰ্ষত (PBMC) আচনিৰ জৰিয়তে আৱন্টিত হৈছিল মুঠ ৭৬,২৫,৯৩৫ টকা । এনে এক বিহৎ পৰিমানৰ পথ মেৰামতিৰ ধন আৱন্টিত দিয়াৰ পিচতো স্থানীয় ৰাইজে ভুগিৱ লগা বিভিন্ন অসুবিধাত । আৱন্টিত ধন অপচয় কৰাৰ বাবে ৰাইজে ভুগিছে এই শাস্তিত । উল্লেখযোগ্য যে এই কামৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী হিমন্তৰ সো-হাত স্বৰূপ অনিল দাসে । উক্ত পথটি মেৰামতি সম্পূৰ্ণ হৈছিল যোৱা ছয়মাহ আগতে । আচৰিত কথা এইটো যে যোৱা ছয়মাহ পূৰ্বে মেৰামতি কাম সম্পূৰ্ন হোৱা পথটিৰে এতিয়া এজাক বৰষুন দিলেতো যাৱই নোৱাৰে পথটিৰে খৰাং বতৰতো মানুহ অহা যোৱা কৰিব নোৱাৰে অৱস্থালৈ গতি কৰিছে পথটি । উক্ত পথটি নিম্নমানৰ কাম কৰাৰ ফলস্বৰূপে দিলিবাৰী অঞ্চলৰ ৰাইজে এনেদৰে জিয়াতু ভুগিৱ লগীয়াত পৰিছে । প্ৰাপ্ত তথ্য অনুযায়ী জালুকবাৰী সমষ্টিৰ গড়কাপ্তানী পথ বিভাগৰ কামৰ ৮০ শতাংশই বিগত সময়ছোৱাত লাভ কৰি আহিছে দূৰ্নীতি পৰায়ন প্ৰভাৱশালি ঠিকাদাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি ঘনিষ্ঠ ঠিকাদাৰ অনিল দাসে । অনিল দাস হৈছে এতিয়া জালুকবাৰী সমষ্টিৰ গড়কাপ্তানি পথ বিভাগৰ উঠি ৰজা বহি ৰজা । তেওৰ হাততে যেন আত্মাসমৰ্পন কৰিছে জালুকৱাৰী সমষ্টিৰ গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী লগতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সহজ ভাষাত কৱলৈ গলে প্ৰভাৱশালী ঠিকাদাৰ অনিল দাসৰ বুঢ়া আঙুলিত নাচিচে জালুকবাৰী সমষ্টিৰ গড়কাপ্তানি বিভাগ । যাৰ সুৱাদতে ঠিকাদাৰ অনিল দাসে এতিয়া দূৰ্নীতি আশ্ৰয় লৈ পথ নিৰ্মানৰ নামত সংঘটিত কৰিছে ব্যপক অনিয়ম । তেও ঠিকা লাভ কৰিয়ে অধিক কমিচনৰ বিনিময়ত অনভিজ্ঞ বহু নতুন নতুন ঠিকাদাৰ সৃষ্টি কৰি কাৰি মুনফা লুটিছে পথ নিৰ্মানৰ নামত । তাৰে এক জলন্ত প্ৰমান গড়কাপ্তানি মন্ত্ৰীৰ গৃহ সমষ্টিৰ দলিবাৰী মূল পথৰ পৰা ঐতিহাসিক অগ্নি বানেশ্বৰ দেৱালৈ যোৱা এই পথছোৱা । যাতায়তৰ বাবে অনুপযোগী হৈ পৰা পথছোৱা পুনৰ নিৰ্মানৰ বাবে অঞ্চলটোৰ ৰাইজে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতো কাকুটি মনতি কৰিছে যদিও ৰাইজৰ কাকূতি মনতিয়ে গলাৱ পৰা নাই মন্ত্ৰী জনৰ মন। যাৰ বাবে যমৰ যাতনাত দূৰ্ভোগ ভুগিৱ লগা হৈছে অঞ্চলবাসী। মেৰামতি কৰাৰ ছমাহ উকলি যোৱাৰ পিচতৰ পথটিৰ এই বিধ্বস্ত অৱস্থাৰ বাবে সেই অঞ্চলৰ মহিলা সকলে উপায়হীন হৈ আজি সকলো মহিলা ৰাজপথ ওলাই আহি নিজ হাতেৰে কোৰ ব্যৱহাৰ কৰি পথটি যাতায়তৰ বাবে সাধৰন সূচল কৰি লৈ পথটি বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী স্থানীয় মহিলাসকলে গড়কাপ্তানি বিভাগ মূৰ্দাবাদ, গড়কাপ্তানি বিভাগ হুছিয়াৰ, ঠিকাদাৰ অনিল কলিতা মূৰ্দাবাদ, ঠিকাদাৰ অনিল কলিতাৰ পথ নিৰ্মানৰ দূৰ্নীতিৰ তদন্ত কৰক , আমাক পথ লাগিব , মহিলা শক্তি জিন্দাৱাদ আদি শ্লোগান প্ৰদৰ্শন কৰি দূৰ্নীতি লিপ্ত বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰে । গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীৰ নিজ সমষ্টিতে পথৰ দুৰৱস্থাই লগতে পথ নিৰ্মানৰ নামত দূৰ্নীতি সংঘটিত কৰা দেখি শুনিও মন্ত্ৰীজনৰ নিতাল হৈ থকাটো সমষ্টিবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক ৷ কথাক কথাই নিজৰ সমষ্টিৰ তথা নিজৰ বিভাগৰ জয়ঢোল বজোৱা মন্ত্ৰীজনৰ নিজ সমষ্টিৰ পথৰ দুৰৱস্থাই তাতেই আকৌ তেখেত শিক্ষামন্ত্ৰী হয়ো ছাত্ৰ – ছাত্ৰীয়ে নৰক যান্ত্ৰনাৰে দৈনিক যাতায়ত অব্যাহত থকাৰ পিচতো পথছোৱা নিৰ্মান কৰি নেদিয়াটো চৰম বৈষমতাৰ আচৰন কৰাৰ অনুমান হৈছে ৷ অন্যহাতে স্থানীয় ৰাইজ অভিযোগ অনুসৰি উক্ত পথটিৰে দিনে নিশাই দহ চকীয়া অতি গধুৰ বিভিন্নধৰনৰ গাড়ী চলাচল কৰে যাৰ পৰিনিতিত পথছোৱা আৰু অধিক বিধ্বস্ত হৈ পৰিছে । এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমুহ তথা স্থানীয় বিধায়কৰ সদিচ্ছা নথকাত পূৱ বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই পথটি নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট বিভাগ সমুহক দাবী জনাইছে ৷ mais 18 palavras

Regional

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী" মুকলি

পঙ্কজ নাথ, চাংসাৰি, ৭ মাৰ্চ : কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত আজি মাধবদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী নামেৰে এখন একাডেমী মুকলি কৰা হয়। উত্তৰ কামৰূপৰ ভিতৰতেই এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হল উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতন । যোৱা দুটা দশকত অসমীয়া মাধ্যমৰ বিদ্যালয় খনে শৈক্ষিক দিশত ঈৰ্ষনীয় সফলতা লাভ কৰি বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলটোলৈ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। শৈক্ষিক দিশৰ লগত ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনে নিকেতনখনক আগুৱাই নিয়াৰ বাবে নিকেতন পৰিচালনা সমিতিয়ে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই “মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী” খন মুকলি কৰে। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত ইয়াৰ বাবে এখন সভা অনুষ্ঠিত হয় আৰু এই সভাৰ সঞ্চালনা কৰে ইয়াৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীদেৱে। আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰে নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে , সহযোগ কৰে কলা আৰু সাংস্কৃতিক বিভাগৰ প্ৰশিক্ষক ধীৰাজ গগৈ আৰু ক্ৰীড়া বিভাগৰ প্ৰশিক্ষক গৌতম দাস । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়াই আনুষ্ঠানিক ভাৱে এই একাডেমী … mais 125 palavras

Regional

সৰ্বভাৰতীয় বনক্ৰীড়া সন্মিলনত অসম বন বিভাগৰ সাফল্য - ৪ সোন সহ সৰ্বমুঠ ১১ পদক অৰ্জন অসম বনবিভাগৰ

পঙ্কজ নাথ, চাংসাৰি, ৭ মাৰ্চ : চলিত মাহৰ ৩ তাৰিখৰ পৰা ৭ তাৰিখলৈ ৫ দিনীয়াকৈ উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ২৫ তম সৰ্বভাৰতীয় বন ক্ৰীড়া সন্মিলন,২০২০ৰ আজি সামৰণি পৰে। অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন-বলৰ মুৰব্বী এ, এম, সিংৰ নেতৃত্বত, অনুৰাগ সিং(চি, চি,এফ), ডঃ মুথুকুমাৰভেল (চি,চি,এফ), অজয় দেউৰী ভৰালী (চি,এফ), চন্দন কুমাৰ বৰা (চি,এফ), তেজস মৰিস্বামী(ডি, অফ, অ) ৰ সহযোগিতাৰে এই সন্মিলনত অসম বন বিভাগৰ পৰা ৪২ জনীয়া এটি বিষয়া-কৰ্মচাৰীৰে গঠিত খেলুৱৈৰ দল যোগদান কৰিছিল। দলটোৱে এইবাৰ সুন্দৰ ও সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অসম বন বিভাগৰ দলটোৱে ৪ টা সোন, ৩ টা ৰূপ আৰু ৪ টা তামৰ পদকসহ সৰ্বমুঠ ১১ টা পদকেৰে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে। mais 85 palavras

Regional

Shadow of the forest

It’s not every day that I get a chance to climb an honest-to-goodness mountain, and Mt Konocti had been beckoning to me for quite a long time. mais 291 palavras

Photography